মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম খনিজ উন্নয়ন নিগম পৰিসীমিত

তথ্য অৱলোকন

  • অসম চৰকাৰৰ এশ শতাংশ ইক্যুইটি অংশৰে কোম্পানী আইন, ১৯৫৬ ৰ অধীনত ১৯৮৩ চনৰ ১৯ মে তাৰিখে অসম খনিজ উন্নয়ন নিগমে আত্মপ্ৰকাশ কৰে। খনিজৰ সন্ধান আৰু আহৰণৰ লগতেখনিজ ভিত্তিক উদ্যোগ স্থাপন হকে কাম কৰা এই নিগম হৈছে অসমৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। আৰম্ভণিতে এই নিগমৰ প্ৰাথমিক পুঁজি আছিল ২০ লাখ মাত্ৰ। ক্ৰমে ই বৃদ্ধি পাই ৮০০ লাখ হৈছেগৈ। পৰিশোধিত পুঁজি হৈছে ৪৮৮.৬০ লাখ টকা।

    উমাৰাংচু, ডিমা হাচাও জিলাৰ চাৰিটা চূণশিল ব্লকত অসম চৰকাৰে অনুমোদন জনাইছে। জয়প্ৰকাশ এচচিয়েটছ আৰু বিৰলা কৰ্পৰেছন লিমিটেডৰ ক্ৰমে ২ নিযুত মেট্ৰিক টন আৰু ১ নিযুট মেট্ৰিক টন উত্পাজনৰ বাবে চিমেণ্ট প্লাণ্টৰ হেতু এন.টি,পি.চি. লৈ চূণশিল সৰবৰাহৰ বাবে দুখনকৈ বুজাবুজিৰ চুক্তি আৰু এছ.এইছ.এ. চুক্তি সম্পন্ন কৰা হৈছে। উক্ত এলেকাৰ ই.আই.এ/ই.এম.এ. আৰু খনন পৰিকল্পনা প্ৰায় প্ৰস্তুত হবৰ হৈছে।  অৱশ্যে ১৯ আগষ্ট ২০১৭ বৰ্ষত হবলগীয়া মঞ্জুৰী শুনানীলৈ অপেক্ষা কৰি থকা হৈছে। এই বছৰৰ ভিতৰতে এই প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে।