মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম খনিজ উন্নয়ন নিগম পৰিসীমিত

যৌথ উদ্যোগ

কয়লা আহৰণৰ বাবে যৌথ উদ্যোগৰ ব্যৱস্থা

শক্তি উত্পাদনৰ উদ্দেশ্যেৰে কয়লা আহৰণৰ বাবে ভাৰত চৰকাৰে যৌথভাৱে কাম কৰিবলৈ উৰিষ্যাৰ মন্দাকিনী বি কোল ব্লকক কামৰ আবণ্টন দিছে। তেওঁলোকৰ মতে যৌথ ভাৱে উদ্যোগ লোৱাৰ সুবিধা পোৱা আন তিনিটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হৈছে, উৰিষ্যা খনন নিগম, তামিলনাডু বিদ্যুত বোৰ্ড আৰু মেঘালয় খনিজ উন্নয়ন নিগম। এই উদ্দেশ্যেৰে উপৰোক্ত চাৰিওটা প্ৰতিষ্ঠানে এক যৌথ উদ্যোগ কোম্পানী তৈয়াৰ কৰি লৈছে। তাৰ নাম দিয়া হৈছে মন্দাকিনী বি কয়লা নিগম পৰিসীমিত। অৱশ্যে উৰিষ্যা চৰকাৰে প্ৰত্যাশিত অনুজ্ঞা প্ৰদান কৰা নাই যাৰ বাবে তেওঁলোকে কাম আগবঢ়াব পৰা নাই। যাৰ ফলত ভাৰত চৰকাৰে তেওঁলোকৰ আবণ্টন বাতিল কৰিলে আৰু ব্লক বি ক আবণ্টনহীন কৰি পেলালে। বৰ্তমানে তেওঁলোকে ভাৰত চৰকাৰক সিদ্ধান্তটো পুনৰ্বিবেচনা কৰি চাবলৈ আবেদন জনাইছে আৰু কয়লা ব্লকটোক আবণ্টনহীন কৰি পেলোৱাৰ কাৰণ জানিব বিচাৰিছে। সম্প্ৰতি চৰকাৰৰ সিদ্ধান্তলৈ অপেক্ষা কৰি থকা হৈছে।

এপাটাইট খননৰ বাবে প্ৰস্তাৱিত প্ৰকল্প

নাগুৰ মিনাৰেল প্ৰাইভেট লিমিটেডে কাৰ্বি আংলং জিলাৰ ২৫ বৰ্গ কি.মি. এলেকাত এপাটাইট খননৰ বাবে প্ৰত্যাশিত অনুজ্ঞা তথা খনন পট্টাৰ বাবে আবেদন কৰিছে। এওঁলোকে নিগমক কমিশ্বন ভিত্তিত কামটেৰ তত্বাৱধান কৰা আৰু খনিজৰ গ্ৰেডিঙৰ কামত জড়িত কৰিব বিচাৰিছে।

এক নিযুত মেট্ৰিক টন চিমেণ্ট উত্পাদনৰ লক্ষ্যৰে চিমেণ্ট প্লাণ্ট বহুৱাৰ বাবে প্ৰস্তাৱিত প্ৰকল্প

১২.৫ শতাংশ লাভাংশৰ চুক্তিৰে অসম চৰকাৰে এক নিযুত মেট্ৰিক টন চিমেণ্ট উত্পাদনৰ বাবে চিমেণ্ট প্লাণ্ট বহুৱাবলৈ বিৰলা নিগম লিমিটেডক বাচনি কৰিছে। অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ হৈ লাভাংশখিনি আগবঢ়াব বিৰলা নিগম লিমিটেডে।

দুই নিযুত মেট্ৰিক টন চিমেণ্ট উত্পাদনৰ লক্ষ্যৰে চিমেণ্ট প্লাণ্ট বহুৱাৰ বাবে প্ৰস্তাৱিত প্ৰকল্প

১৮ শতাংশ লাভাংশৰ চুক্তিৰে অসম চৰকাৰে দুই নিযুত মেট্ৰিক টন চিমেণ্ট উত্পাদনৰ বাবে চিমেণ্ট প্লাণ্ট বহুৱাবলৈ জয়প্ৰকাশ এচচিয়েটছ লিমিটেডক বাচনি কৰিছে। অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ হৈ লাভাংশখিনি আগবঢ়াব জয়প্ৰকাশ এচচিয়েটছ লিমিটেডে।