মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম খনিজ উন্নয়ন নিগম পৰিসীমিত

চূণশিল আহৰণ

অসম চৰকাৰে নিউ উমৰাংচু, ডিমা হাচাও জিলাৰ চাৰি ঠাইত চূণশিল আহৰণৰ বাবে খনন পট্টাত অনুমোদন জনাইছে। ০.৩১ বৰ্গ কি.মি., ২.০০ বৰ্গ কি.মি., ৪.৩০ কি.মি. আৰু ২.০০ বৰ্গ কি.মি. পৰিসৰৰ এলেকা চাৰিটাৰ খনন পৰিকল্পনা ইতিমধ্যে নিগমে তৈয়াৰ কৰি উলিয়াইছে আৰু তাত ইণ্ডিয়ান ব্যুৰো অৱ মাইনছেও অনুমোদন জনাইছে। পৰিবেশ সম্পৰ্কীয় মঞ্জুৰীৰ বাবে নিগমে ই.আই.এ/ই.এম.পি. ৰিপোৰ্ট তৈয়াৰ কৰি ভাৰত চৰকাৰৰ পৰিবেশ মন্ত্ৰালয়, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। ওপৰোক্ত চাৰিটা এলেকা সন্দৰ্ভত ৰাজহুৱা শুনানী আগবঢ়োৱাৰ ব্যৱস্থা কৰিব ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে, ২০১৭ চনৰ ১৯ আগষ্ট তাৰিখে।

এন.টি.পি.চি. লৈ চূণশিলৰ সৰবৰাহ

চালাকাটিত মে ২০১৮ ৰ পৰা আৰম্ভ হব লগা এফ.জি.ডি. ব্যৱস্থাৰ বাবে এন.টি.পি.চি. য়ে অসম খনিজ উন্নয়ন নিগম পৰিসীমিতক ২.৫ লাখ মেট্ৰিক টন চূণশিল যোগান ধৰিবলৈ অনুৰোধ জনাইছে। এই বিষয়ত নিগমে প্ৰয়োজনীয় পদক্ষেপ হাতত লৈছে।

এ.পি.জি.চি.এল. লৈ চূণশিলৰ সৰবৰাহ

অসম শক্তি উত্পাদন কোম্পানী লিমিটেডে অসম খনিজ উন্নয়ন নিগম পৰিসীমিতক তেওঁলোকৰ মাৰ্ঘেৰিটাত প্ৰস্তাৱিত এফ.জি.ডি. ব্যৱস্থাৰ বাবে প্ৰতিদিনে ২,৪০০ মেট্ৰিক টন চূণশিল যোগানৰ অনুৰোধ জনাইছে। এই বিষয়ত নিগমে প্ৰয়োজনীয় পদক্ষেপ হাতত লৈছে।