মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম খনিজ উন্নয়ন নিগম পৰিসীমিত

কাৰ্য্যকলাপ আৰু লক্ষ্য

কোম্পানীৰ প্ৰধান উদ্দেশ্যঃ অসম আৰু ভাৰতৰ যিকোনো প্ৰান্তত কয়লা, লিগনাইট, চূণশিল, খনিজ তেল আৰু গেছ আৰু অন্যান্য খনিজৰ লগতে মূল্যৱান শিলৰ সন্ধান আৰু আহৰণ কৰা আৰু তাৰ বাবে ক্ৰয়, অনুমোদনৰ ব্যৱস্থা কৰা। এইবোৰৰ সন্ধান আৰু আহৰণৰ বাবে অসম আৰু ভাৰতৰ যিকোনো ঠাইত মাটিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰি মাটি ডোখৰৰ পৰা বা সেই মাটিডোখৰৰ তলৰ পৰা কয়লা, লিগনাইট, চূণশিল, খনিজ তেল আৰু গেছ আৰু অন্যান্য খনিজৰ লগতে মূল্যৱান শিল আহৰণ কৰিবলৈ মটিডোখৰৰ লগতে খননৰ অনুমতিৰ ব্যৱস্থা কৰা; আহৰণ কৰা উপৰোক্ত খনিজবোৰক বজাৰৰ উপযুক্ত কৰি তোলা, যেনে কেঁচা লোক ব্যৱহাৰযোগ্য ধাতুৰ ৰূপ দিয়া, বা অন্য উপায় উলিওৱা , খনি প্ৰস্তুত কৰা, এই আটাইবোৰ তদাৰক কৰা।